There are no items in your cart
Add More
Add More
Item Details | Price |
---|
Mon Jul 3, 2023
ভাৰতীয় ইকুইটিৰ বাবে মুকলিৰ ইংগিত জোখাৰ বাবে ছিংগাপুৰ ষ্টক এক্সচেঞ্জ বা এছ জি এক্স নিফ্টীক উল্লেখ কৰাৰ যুগ পুৰণি প্ৰথা আজিৰ পৰা সলনি হ’ব কাৰণ ইয়াক গিফ্ট নিফটি হিচাপে পুনৰ ব্ৰেণ্ড কৰা হ’ব। পূৰ্বে ছিংগাপুৰত ব্যৱসায় কৰা ৭.৫ বিলিয়ন ডলাৰৰ সকলো ডেৰাইভেটিভ চুক্তি ভাৰতৰ গিফ্ট চিটিলৈ স্থানান্তৰিত হ’ব।
গিফ্ট নিফ্টী (Gift Nifty) এছ জি এক্স নিফ্টী (SGX Nifty)ক দিয়া এক নতুন পৰিচয়ৰ বাহিৰে আন একো নহয় কাৰণ এছ জি এক্সৰ সকলো মুকলি পদ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এন এছ ই আই এক্স (NSE IX)লৈ স্থানান্তৰ কৰা হৈছে। ছিংগাপুৰ এক্সচেঞ্জৰ পৰিৱৰ্তে নিফটি ফ্যুচাৰৰ আমেৰিকান ডলাৰ মূল্যৰ চুক্তিসমূহ এতিয়া NSE IXত ব্যৱসায় কৰা হ’ব যিটো জিফ্ট চিটি এস ই জেড (SEZ)ত আছে আৰু International Financial Services Center Authority (IFSCA) নিয়ন্ত্ৰণ কাঠামোৰ অধীনত কাম কৰে।
SGX Nifty ৰ কি হ’ব (What happens to SGX Nifty)?
SGX Nifty ট্ৰেডিঙৰ বাবে নিলম্বিত কৰা হৈছে আৰু অৱশেষত ছিংগাপুৰ এক্সচেঞ্জৰ পৰা ডিলিষ্ট কৰা হ’ব।
GIFT Nifty প্ৰায় ২১ ঘণ্টাৰ বাবে উপলব্ধ হ’ব, আৰু ই এছিয়া, ইউৰোপ, আৰু আমেৰিকাৰ ট্ৰেডিং ঘণ্টাৰ সৈতে ওভাৰলেপ কৰে। দুটা অধিবেশনত খোলা থাকিব - পুৱা ৬.৩০ বজাৰ পৰা বিয়লি ৩.৪০ বজালৈ আৰু তাৰ পিছত পুনৰ দ্বিতীয় অধিবেশনত সন্ধিয়া ৪.৩৫ বজাৰ পৰা ৰাতিপুৱা ২.৪৫ বজালৈ।
খুচুৰা ব্যৱসায়ী আৰু বিনিয়োগকাৰীৰ বাবে একোৱেই বিশেষ পৰিৱৰ্তন নহয় কাৰণ ই কেৱল এটা ষ্টক এক্সচেঞ্জৰ পৰা আন এটা ষ্টক এক্সচেঞ্জলৈ প্ৰব্ৰজনহে।
খুচুৰা ব্যৱসায়ীয়ে গিফ্ট নিফটিৰ চুক্তিত ব্যৱসায় কৰিব পাৰিবনে (Can retail traders trade in Gift Nifty contracts)?
নহয়, লিবাৰলাইজড ৰেমিটেন্স আঁচনি (LRS) পথৰ অধীনত খুচুৰা ব্যৱসায়ীৰ বাবে লিভাৰেজ ট্ৰেডৰ অনুমতি দিয়া হোৱা নাই।
গিফ্ট নিফটিৰ অধীনত আৰু কোনবোৰ চুক্তি উপলব্ধ হ’ব (Which other contracts would be available under Gift Nifty)?
GIFT Nifty 50 ৰ বাহিৰেও NSE IXত Gift Nifty Bank, Gift Nifty Financial Services আৰু Gift Nifty IT ডেৰাইভেটিভ চুক্তিও থাকিব আৰু পিছলৈ ক্ৰমান্বয়ে অন্যান্য সূচকাংকসমূহ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে।
Rajiv LB Roy
Share Market Coach, Author, Youtuber