Technical Analysis ৰ আতিগুৰি | Intraday আৰু Swing Trading ৰ বাবে নবীনসকলৰ গাইড

Technical Analysis ৰ আতিগুৰি

Intraday আৰু Swing Trading ৰ বাবে নবীনসকলৰ গাইড

$15

$20

পাঠ্যক্ৰমৰ বিৱৰণ

আপুনি বাৰু Intraday, Swing বা Option trading কৰিব বিচাৰেনে? কিন্তু আপুনি নাজানে যে ট্ৰেডিঙৰ বাবে ষ্টক কেনেকৈ বিচাৰিব লাগে বা কোনটো দামত ষ্টক এটা কিনিব লাগে আৰু ক'ত লাভ গ্ৰহন কৰিব লাগে ?  আপোনাৰ উত্তৰ হ'ল Technical Analysis. Technical Analysis ৰ সহায়ত আপুনি কেৱল Market Trend ই নহয়, Support আৰু Resistance ও বিচাৰি পাব। তাৰ পিছত Support ৰ ওচৰত কিনিব আৰু Resistance ৰ ওচৰত বিক্ৰী কৰিব।  ট্ৰেডিং টো ইমানেই সহজ। তেন্তে আপুনি কিয় অপেক্ষা কৰি আছে? এতিয়া এ পাঠ্যক্ৰমত নামভৰ্তি কৰক আৰু ষ্টক মাৰ্কেটৰ পৰা ধন ঘটাৰ কলা শিকিক।
পাঠ্যক্ৰমৰ ৰূপৰেখা:
  • Introduction to the Technical Analysis
  • What is Price Action and its tools
  • Support and Resistance Types Of Chart
  • Japanese Candlesticks (Marubozu, hammer, dragonfly doji etc.)
  • Chart pattern (Triangular pattern, bull flag, bear flag etc.)
  • Technical Indicators (Supertrend, moving average, MACD, RSI etc.)
  • Trading Psychology
  • Key points to take care of
  • Do's and Dont's
  • Conclusion

ABOUT THE INSTRUCTOR

ড° ৰাজীৱ এল. বি. ৰয়ে শ্বেয়াৰ মাৰ্কেটৰ জগতখনত ২০০৯ চনত প্ৰথম খোজ পেলায়। লগে লগে এই বিচিত্ৰপূৰ্ণ জগতখনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈ পৰে। মেকানিকেল ইজ্ঞিনিয়াৰীঙৰ ডক্টৰেট ডিগ্ৰীধাৰী ৰয়ে বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে সাতবছৰৰ অভিজ্ঞতাৰে পুষ্ট হোৱাৰ উপৰিও দুবছৰৰ বাবে তেল উদ্যোগতো সেৱা আগবঢ়ায়। ২০১৬ চনত চাকৰীৰ মোহ ত্যাগ কৰি শ্বেয়াৰ মাৰ্কেটৰ জগতখনত তেঁও পূৰ্ণকালীন অংশীদাৰী হৈ পৰে। ড° ৰয়ে ভাৰতীয় শ্বেয়াৰ বজাৰ বিষয়ত চাৰিখন গ্ৰন্থ ইংৰাজী ভাষাত ইতিমধ্যে লিখি উলিয়াইছে। এই গ্ৰন্থ কেইখনৰ Day Trading for a Living, Option Chain Analysis, Option Strategies with Adjustments আৰু The Bhagavad Gita of Option Trading আদিয়ে শ্বেয়াৰ মাৰ্কেটৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিস্তৃত বিশ্লেষণ আগবঢ়াইছে। এই গ্ৰন্থসমূহ Amozonত উপলব্ধ। ইয়াৰোপৰি, তেওঁৰ "দালাল পথত এভুমুকি" আৰু "জীৱিকাৰ বাবে ডে-ট্ৰেডিং" নামেৰে দুখন অসমীয়া কিতাপো আছে।

ড° ৰয়ৰ দুটা নিজা ইউটিউব চেনেল “Updex” আৰু “Updex Assamese”ৰ যোগেদি হিন্দী আৰু অসমীয়া ভাষাত ট্ৰেডিং কৌশলসমূহ দৰ্শকক সহজলভ্য কৰি তুলিছে। দৰ্শকৰ মাজত দুয়োটা চেনেল সমানেই জনপ্ৰিয়। ড° ৰয়ে ইতিমধ্যে মিউচুয়েল ফাণ্ড বিতৰণ কাৰ্যৰ বাবে NISM (National Institute of Securities Market)ৰ পৰা প্ৰমানপত্ৰ লাভ কৰিছে। তেঁও এজন NISM প্ৰমানিত Equity Research Analystও হয়। এইবোৰ স্বীকৃতিয়ে তেঁওক শ্বেয়াৰ মাৰ্কেটৰ জগতখনৰ এগৰাকী যোগ্য ব্যক্তি হিচাপে প্ৰমান কৰে।

Syllabus

Reviews and Testimonials