There are no items in your cart
Add More
Add More
Item Details | Price |
---|
Share Market ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি তাৰ কলা শিকক। ইয়াতে আপুনি শ্বেয়াৰ মাৰ্কেটৰ প্ৰাথমিকৰ পৰা উন্নত ট্ৰেডিং কৌশলৰ বিষয়ে জানিব পাৰিব।View all courses
ড° ৰাজীৱ এল. বি. ৰয়ে ট্ৰেডিং বা শ্বেয়াৰ মাৰ্কেটৰ জগতখনত ২০০৯ চনত প্ৰথম খোজ পেলায়। লগে লগে এই বিচিত্ৰপূৰ্ণ জগতখনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈ পৰে। মেকানিকেল ইজ্ঞিনিয়াৰীঙৰ ডক্টৰেট ডিগ্ৰীধাৰী ৰয়ে বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে সাতবছৰৰ অভিজ্ঞতাৰে পুষ্ট হোৱাৰ উপৰিও দুবছৰৰ বাবে তেল উদ্যোগতো সেৱা আগবঢ়ায়। ২০১৬ চনত চাকৰীৰ মোহ ত্যাগ কৰি শ্বেয়াৰ মাৰ্কেটৰ জগতখনত তেঁও পূৰ্ণকালীন অংশীদাৰী হৈ পৰে। ড° ৰয়ে ভাৰতীয় শ্বেয়াৰ বজাৰ বিষয়ত চাৰিখন গ্ৰন্থ ইংৰাজী ভাষাত ইতিমধ্যে লিখি উলিয়াইছে। এই গ্ৰন্থ কেইখনৰ Day Trading for a Living, Option Chain Analysis, Option Strategies with Adjustments আৰু The Bhagavad Gita of Option Trading আদি শ্বেয়াৰ মাৰ্কেটৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিস্তৃত বিশ্লেষণ আগবঢ়াইছে। এই গ্ৰন্থসমূহ Amozonত উপলব্ধ। ইয়াৰোপৰি, তেওঁৰ "দালাল পথত এভুমুকি: নবীন সকলৰ বাবে ষ্টক মাৰ্কেটৰ হাতপুথি" নামেৰে এখন অসমীয়া কিতাপো আছে।
ড° ৰয়ৰ দুটা নিজা ইউটিউব চেনেল “Updex” আৰু “Updex Assamese”ৰ যোগেদি হিন্দী আৰু অসমীয়া ভাষাত ট্ৰেডিং কৌশলসমূহ দৰ্শকক সহজলভ্য কৰি তুলিছে। দৰ্শকৰ মাজত দুয়োটা চেনেল সমানেই জনপ্ৰিয়। ড° ৰয়ে ইতিমধ্যে মিউচুয়েল ফাণ্ড বিতৰণ কাৰ্যৰ বাবে NISM (National Institute of Securities Market)ৰ পৰা প্ৰমানপত্ৰ লাভ কৰিছে। তেঁও শ্বেয়াৰ মাৰ্কেটৰ জগতখনৰ এগৰাকী যোগ্য ব্যক্তি হিচাপে এই স্বীকৃতিয়ে প্ৰমান কৰে।
শ্বেয়াৰ বজাৰত নতুন? চিন্তা কৰাৰ প্ৰয়োজন নাই। প্ৰথম খোজটো একেলগে লওঁ আহক।
এটা নতুন বিষয় শিকক, অনুশীলন কৰক আৰু নিজকে নবীকৃত ৰাখক।
খোকোজা লাগিছে? অনলাইন সম্প্ৰদায়ৰ সমনীয়াৰ সৈতে আলোচনা কৰক।
আপোনাৰ উৎসাহ বিচাৰি উলিয়াওক আৰু ইয়াৰ সৰ্বোত্তম ব্যৱহাৰ কেনেকৈ কৰিব পাৰি আৱিষ্কাৰ কৰক।
শিকক আৰু বজাৰ বিশেষজ্ঞৰ দ্বাৰা মেণ্টৰশ্বিপৰ সুবিধা লাভ কৰক।
আপোনাৰ সামৰ্থ কিমান আৰু আপুনি যি কৰিব পাৰে? নিজেই এজন বিশেষজ্ঞ হোৱাৰ সুযোগ লাভ কৰক।
Download lessons and learn anytime, anywhere
House # 08, Narikalbari
Zoo Narengi Road, Guwahati - 781024
© Copyright 2023 Rajiv LB